THE COLLEGE SONG
THE COLLEGE SONG
মহাবিদ্যালয় সংগীত গীতিকাৰ : ৰীণা ভূঞা, অসমীয়া বিভাগৰ প্ৰাক্তন অধ্য়াপক
(১) ধনশিৰি হৈ লুইতেদি বৈ মহাপ্লাবনৰ সম্ভাৱনা হৈ মহাহাসাগৰলৈ যাওঁ ক্ষুদ্ৰৰ পৰা মহীৰহ হৈ মহামিলনৰ বিশ্বসভাকে পাওঁ ধনশিৰি হৈ ………….
(২) ত্য়াগেৰে বুলাই গাৰ ৰিহাখন জ্ঞান-আলোকৰ পোহৰ পিয়াসিনী লক্ষ্য়গামী পথিকৰ দৰে সূৰ্যমুখীৰ সপোন সাবটি অবক্ষয় শ্বাপদ বিনাশিনী বীণাপানি হৈ ন-শতিকালে যাওঁ/ ধনশিৰি হৈ ……………
(৩) সময় যেতিয়া দু:সময় হয়, মানৱতা যদি লুণ্ঠিত হয়, নতুন পুৰুষে কৰে যদিহে নাৰীত্বৰ অপমান, আমি কালবিনাশিনী মহাকালী হৈ দুষ্ক্তি নাশি, মমতাময়ী পৃথিৱী হৈ সংস্কৃতি ৰাখি শান্তিৰ গীতকে গাওঁ / আমি ধনশিৰি হৈ ……….