মহাবিদ্যালয় সংগীত

গীতিকাৰ: ৰীণা ভূঞা, অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক

সংগীতকাৰ: প্ৰয়াত নৰেন তাঁতী

 

(১)

ধনশিৰি হৈ লুইতেদি বৈ

মহাপ্লাৱনৰ সম্ভাৱনা হৈ

মহাসাগৰলৈ যাওঁ

ক্ষুদ্ৰৰ পৰা মহীৰূহ হৈ

মহামিলনৰ বিশ্বসভাকে পাওঁ

ধনশিৰি হৈ…………..

(২)

ত্যাগেৰে বুলাই গাৰ ৰিহাখনি

জ্ঞান–আলোকৰ পোহৰ পিয়াসিনী

লক্ষ্যগামী পথিকৰ দৰে

সূৰ্যমুখীৰ সপোন সাবটি

অবক্ষয়ৰ শ্বাপদ বিনাশিনী

বীণাপানি হৈ ন–শতিকালে’ যাওঁ।

ধনশিৰি হৈ……………

(৩)

সময় যেতিয়া দু:সময় হয়,

মানৱতা যদি লুণ্ঠিত হয়,

নতুন পুৰুষে কৰে যদিহে

নাৰীত্বৰ অপমান,

আমি কালবিনাশিনী মহাকালী হৈ

দুষ্কৃতি নাশি,

মমতাময়ী পৃথিৱী হৈ সংস্কৃতি ৰাখি

শান্তিৰ গীতকে গাওঁ।

আমি ধনশিৰি হৈ……..